অণুগল্পটোৰ নাম: হেঁপাহৰ ৰং
ঘৰটো মচি মচি যেতিয়া ৰমলাই ,ৰিমনে পঢ়া মেজখনৰ ওচৰ পায় ;মেজৰ নানাৰঙী কিতাপবোৰে তাইক বৰকৈ আকৰ্ষণ কৰে ! নকৰিবই বা কিয়, তাইৰ বয়সেইনো কিমান !
মাক- দেউতাকে কাম কৰিবলৈ নপঠিয়ালে হয়তো তায়ো সিহঁতৰ গাঁওৰ স্কুলখনতেই পঢ়ি থাকিলহেঁতেন!
তাই মনতে পণ ল'লে!আজি তাই ৰিমনৰ দেউতাক অৰ্থাৎ হাজৰিকা ছাৰক স্কুললৈ যোৱাৰ কথা হ'ব ! হাজৰিকা ছাৰ মানুহজন সৰল; তেওঁ ছাগে তাইৰ কথাবোৰ বুজিব!
তেনেসময়তে,স্কুলৰ সুন্দৰ পৰিৱেশৰ সজীৱ চিত্ৰএখন তাইৰ মানসপটত জিলিকি উঠিল ; এটি আলফুলীয়া হাঁহিৰে তাইৰ দুটি ওঁঠ জিলিকি উঠিল!

No comments:
Post a Comment