MY POEM


 

কথাৰ কথা !

 

 

আপুনি মই ভবাৰ দৰে

কথাবোৰ ইমান

জটিল নহয়,

সিহঁতবোৰ তেনেই সৰল!

আপোনাৰ মোৰ নিচিনাকৈ

কথাবোৰৰো এটা মন আছে

কথাবোৰে চিন্তা কৰিব জানে!

 

কথাবোৰ মানুহ প্ৰিয়,

সিহঁতে মানুহ বিচাৰে

কথাবোৰৰো যে কিমান প্ৰকাৰ!

কিছুমান কথা লাজকুৰীয়া

কিছুমান নিৰ্ভিক

কিছুমান আকৌ আপোনভোলা!

 

সকলোবোৰ কথা কিন্তু,

সহজতে প্ৰকাশিত নহ

প্ৰকাশিত হোৱাবোৰ পাতল

আৰু নোহোৱাবোৰ....

তেনেই গভীৰ!

1 comment:

POEM : AN ART WITHOUT DRAWING

  Poem is a form of writing that uses not only words, but also form patterns of sound, imagery and figurative language to convey the messa...